নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া আইটিআইত ১১ পদ খালী

ৰঙিয়া ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত খালী হৈছে ভিন্ন বর্গৰ ১১টা পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ৱর্কশ্বপ এটেনডেণ্ট ৩টা ঃ প্রার্থী যিকোনো ট্রেডত এনটিচি/এনএচিৰ প্রমাণ–পত্রধাৰী আৰু ঔদ্যোগিক খণ্ডত ৱর্কশ্বপ এটেনডেণ্ট হিচাপে ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৯,০০০ টকা৷ ইতিমধ্যে সাক্ষাৎকাৰ ৭ জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈছে৷ আনহাতে পিয়ন ৩টা ঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহা মাহে ৯,০০০ টকা৷ সাক্ষাৎকাৰ ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ চকীদাৰ ৩টা ঃ প্রার্থীৰ নূ্যনতম শৈক্ষিক অর্হতা অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহা মাহে ৯,০০০ টকা৷ সাক্ষাৎকাৰ ৯ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’ব৷ শেষত ছুইপাৰ ২টা ঃ প্রার্থী পঞ্চম শ্রেণী উত্তীর্ণ হ’লেই হ’ব৷ দৰমহা মাহে ৯,০০০ টকা৷ সাক্ষাৎকাৰ ৯ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ সময় ৯.৩০–১২.০০ বজা৷ আবেদনকাৰীৰ বয়স ১ জানুৱাৰী ২০১৯লৈ ২১ বছৰৰ অধিক হ’ব লাগিব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রতিলিপিসহ ২ কপী পাৰপত্র আকাৰৰ ফটো আৰু শেহতীয়া বায়োডাটা আনিব লাগিব৷ সাক্ষাৎকাৰৰ স্থানITI (W), Guwahati, Rehabari-08৷

You might also like