ৰাষ্ট্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান মেঘালয়ত ৩০ পদ
ৰাষ্ট্রীয় প্রযিুক্তিবিদ্যা প্রতিষ্ঠান (এনআইটি) মেঘালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রতিষ্ঠানখনৰ পঞ্জীয়কে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদকেইটাৰ ভিতৰত আছে– টেকনিকেল এছিছটেণ্ট ৯টাঃ প্রার্থী প্রথম শ্রেণীৰ বিই/বিটেক/এমচিএ ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০ টকা৷ বয়স সর্বোচ্চ ৩০ বছৰ৷ টেকনিচিয়ান ১৭টাঃ প্রার্থী গড়ে ৬০ শতাংশ নম্বৰেৰে বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা নাইবা গড়ে ৫০ শতাংশ নম্বৰেৰে দ্বাদশ শ্রেণী উত্তীর্ণ আৰু টেকনিচিয়ানৰ এবছৰীয়া আই টি আইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০ টকা৷ বয়স সর্বোচ্চ ২৭ বছৰ৷ শেষত লেবৰেটৰী এটেনডেণ্ট ৪টা -প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০ টকা৷ বয়স সর্বোচ্চ ২৭ বছৰ৷ আবেদন মাচুল হিচাপে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে ২০০ টকা আৰু এছচি, এছটি আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ১০০ টকা অনলাইন মাধ্যমেৰে এন আই টি মেঘালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://www.nitmeghalaya.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ৬ এপ্রিল ২০২০ তাৰিখলৈ অব্যাহত থাকিব৷ অনলাইনযোগে আবেদন দাখিল কৰাৰ পাছত প্রিণ্ট আউট কপী ২০ এপ্রিল ২০২০ তাৰিখ বা ইয়াৰ পূর্বে পোৱাকৈ’Registrar, NIT Meghalaya, Bijni Complex, Laitumkhrah, Shillong-793003, Meghalaya’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷