দেশৰ অর্থ ব্যৱস্থাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা কেন্দ্রীয় বিত্তীয় প্রতিষ্ঠান ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিত্তীয় প্রতিষ্ঠানটোৰ প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ–পত্রত প্রকাশ কৰিছে৷ তথ্য অনুসৰি প্রতিষ্ঠানটোত সহকাৰীৰ ৯২৬টা পদ পূৰণ হ’বলগীয়া স্থানসমূহ হৈছে– আহমেদাবাদ, বাংগালুৰু, ভূপাল, ভুবনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হয়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ এণ্ড লক্ষ্ণৌ, কলকাতা, মুম্বাই, নাগপুৰ, নিউ দিল্লী, পাটনা আৰু থিৰুৱনন্তপুৰম এণ্ড কোচি৷ মুঠ খালী পদৰ ভিতৰত গুৱাহাটীত পূৰণ হ’ব ৫৫টা পদ৷ ইয়াৰে এছচিৰ ৪টা, এছটিৰ ১২টা, অ’বিচিৰ ৭টা, আর্থিকভাৱে দুর্বল শ্রেণীৰ ৫টা আৰু অসংৰক্ষিত শিতানত ২৭টা পদ আছে৷ প্রার্থী নূ্যনতম গড়ে ৫০ শতাংশ নম্বৰেৰে যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ১ ডিচেম্বৰ, ২০১৯লৈ ২০–২৮ বছৰ যদিও প্রার্থী ২ ডিচেম্বৰ, ১৯৯১ আৰু ১ ডিচেম্বৰ, ১৯৯৯ৰ মাজত জন্মগ্রহণ হোৱা হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ ১৩,১৫০–১৩,১৫০–৭৫০/৩–১৫,৪০০–৯০০/৪–১৯,০০০–১,২০০/৬–২৬,২০০–১,৩০০/২–২৮,৮০০–১,৪৮০/৩–৩৩,২৪০–১,৭৫০/১–৩৪,৯৯০ টকা৷ আবেদন মাচুল হিচাপে অ’বিচি, সাধাৰণ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ৪৫০ টকা আৰু এছচি, এছটি, দিব্যাংগ আৰু প্রাক্তন কর্মচাৰী প্রার্থীয়ে ৫০ টকা অনলাইন মাধ্যমেৰে আৰবিআইৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে নিযুক্তি বিষয়ক বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.rbi.org.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী, ২০২০৷