ৰেচম সঞ্চালকালয়ত ৩৪ পদত মকৰল
অসম চৰকাৰৰ হস্ততাঁত, বস্ত্র আৰু ৰেচম বিভাগৰ অধীনস্থ ৰেচম সঞ্চালকালয়ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ এই বিষয়ে বিভাগীয় সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি ছেৰিকালচাৰ ডেম’ষ্ট্রেটৰৰ ৩৪টা পদত অচিৰেই যোগ্য প্রার্থী নিয়োগ কৰা হ’ব৷ মুঠ পদৰ ভিতৰত ১৮টা অসংৰক্ষিত, অ’বিচি/এম’বিচিৰ ৯টা, এছটি–পি/এইচৰ ৫টা আৰু এছচিৰ বাবে ২টা পদ আছে৷ আবেদনকাৰী দশম শ্রেণী উত্তীর্ণ আৰু যোৰহাটৰ তিতাবৰস্থিত ৰেচম প্রশিক্ষণ প্রতিষ্ঠানৰ পৰা এবছৰীয়া প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ বয়স ১ জানুৱাৰী ২০২০লৈ ২১–৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রতিলিপিৰ সৈতে আবেদন’Director of Sericulture, Near Science Museum, Khanapara, Guwahati-22′ ঠিকনালৈ প্রেৰণ কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ৯ মার্চ ২০২০৷