নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় নৌসেনাত ১,১৫৯ চাকৰি

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় নৌসেনাতIndian Navy Civilian Entrance Testৰ মাধ্যমেৰেTradesman Mateৰ ১,১৫৯ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ উক্ত খালী পদসমূহGroup ‘C’ৰ আৰুNon Gazetted (Industrial)৷Tradesman Mateৰ ১,১৫৯ পদ পূৰণ হ’বলগীয়াCommandসমূহ হৈছে–Eastern Naval Command (৭১০,Western Naval Command (৩২৪) আৰুSouthern Naval Command (১২৫)৷ মুঠ পদৰ ভিতৰত অসংৰক্ষিত ৪৯৩টা, এছচিৰ ১৮০টা, এছটিৰ ৮৩টা, অ’বিচিৰ ২৮৭টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১১৬টা পদ সংৰক্ষিত থাকিব৷

ইয়াৰ উপৰি মুঠ পদৰ ভিতৰত প্রাক্তন কর্মচাৰী পদৰ প্রার্থীৰ বাবে ১০৪টা আৰু দিব্যাংগ প্রার্থীৰ বাবে ৪৩টা পদ বিশেষভাৱে সংৰক্ষিত থাকিব৷ প্রার্থীৰ বয়স ১৮–২৫ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদনকাৰীৰ শৈক্ষিক অর্হতা চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ডৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আইটিআইৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তইWorking in Production/Maintenance of Shop/Ship/Submarine, General Cleanliness & Upkeep of the Section/Unit, Carrying of Files and other Papers within the Office Area, Photocopying, Sending/Receiving of FAX, Letters etc, Other Non-clerical Work in the Sections/Unit, Assisting in Routine Office Work Like Diary, Dispatch etc. including on computer, Delivering of Dak (Inside & Outside the Section/Unit), Watch & Ward Duties, Cleaning of Building, Fixture etc., Opening and Closing Duties, Dusting of Furniture etc., Upkeeps of Parks, Lawns, Potted Plans etc. আৰুAny other Work Assigned by Superior Authorityত কার্য সম্পাদন কৰিব লাগিব৷

পৰীক্ষা মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ২০৫ টকা অনলাইন মাধ্যমেৰে ইণ্ডিয়ান নেভীৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, দিব্যাংগ, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় নৌসেনাৰ ৱেবছাইটwww.joinindiannavy.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ মার্চ, ২০২১৷

You might also like