নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় কৃষি–গ্রামোন্নয়ন বেংকত ১৩ পদত মকৰল

ৰাষ্ট্রীয় কৃষি আৰু গ্রামোন্নয়ন বেংকত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নাবার্ডৰ মুখ্য মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ১৩ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– প্রজেক্ট মেনেজমেণ্ট এপ্লিকেচন মেনেজমেণ্ট (১), ছিনিয়ৰ এনালিষ্ট–ইনফর্মেচন্ ছিকিউৰিটী অপাৰেচনছ (১), ছিনিয়ৰ এনালিষ্ট–নেটৱর্ক/এছ ডি ডব্লিউ এ এন অপাৰেচনছ (১), প্রজেক্ট মেনেজাৰ–আই টি অপাৰেচনছ/ইনফ্রাষ্ট্রাকচাৰছ ছার্ভিচেছ (১), এনালাইটিকছ–কাম–চী ডাটা কনছালটেণ্ট (১), চাইবাৰ ছিকিউৰিটী মেনেজাৰ (১), এডিচ’নেল চাইবাৰ ছিকিউৰিটী মেনেজাৰ (১), এডিচ’নেল চীফ ৰিস্ক মেনেজাৰ (২) আৰু ৰিস্ক মেনেজাৰছ (৪)৷

উল্লিখিত পদ অনুযায়ী প্রার্থীৰ দৰমহাৰ নিৰিখ ক্রমে– ৩ লাখ, ২.৫০ লাখ, ২.৫০ লাখ, ২.৫০ লাখ, ৩.৭৫ লাখ, ৩.৭৫ লাখ, ২.৫০ লাখ, ৩ লাখ আৰু ২.৫০ লাখ টকা৷ বয়স ১ আগষ্ট, ২০২০লৈ ৬২ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছ চি, এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ৫০ টকা আৰু পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৮০০ টকা নাবার্ডৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.nabard.org ত লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৩ আগষ্ট, ২০২০৷

You might also like