নলবাৰী জিলা উপায়ুক্তৰ কার্যালয়ত ১৫ পদ
নলবাৰী জিলা উপায়ুক্তৰ কার্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ চতুর্থবর্গৰ ১৫ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ ইতিমধ্যে এই বিষয়ে এক বিস্তৃত নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে নলবাৰী জিলাৰ উপায়ুক্তই সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, অফিচ পিয়নৰ ১১ পদ আৰু জাৰিকাৰকৰ ৪ পদ৷ খালী পদসমূহৰ ভিতৰত আছে– অফিচ পিয়ন পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ অফিচ পিয়নৰ ১৫টা পদৰ ভিতৰত এছ চি ২টা, এছ টি (পি) ২টা, এছ টি (এইচ) ১, অ’বিচি–এম’বিচি ৫টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৩৭,৫০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’৷
ইফালে, জাৰিকাৰকৰ ৪টা পদৰ ভিতৰত এছ টি (পি) ১টা, অ’বিচি–এম’বিচি ২টা আৰু অসংৰক্ষিত ১টা পদ৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৩৭,৫০০ টকাসহ, ৪,৪০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ বাবে ৱেবছাইটhttps://nalbari.gov.in যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ঠিকনালৈ ২৫ আগষ্ট বা ইয়াৰ পূর্বে পোৱাকৈ প্রেৰণ কৰিব লাগিব৷ আবেদন প্রেৰণৰ ঠিকনা –Office of the Deputy Commissioner, Nalbari, Pin : 781335৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ আগষ্ট, ২০২০৷