নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেচনত ২২৫ চাকৰি

হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেচন লিমিটেড(Hindustan Petroleum Corporation Limited)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Mechanical Engineer (120), Civil Engineer (30), Electrical Engineer (25), Instrumentation Engineer (25), Chartered Accountant (25)৷Mechanical/Civil/Electrical/Instrumentation Engineerৰ পদৰ প্রার্থীMechanical/Mechanical & Production, Civil, Electrical/Electrical & Electronics/ Instrumentation/ Instrumentation & Control/ Electronics & Instrumentation/Instrumentation & Electronics বিষয়তEngineeringৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Engineeringৰ মুঠ পদ ২০০টাৰ ভিতৰত অসংৰক্ষিত ৯৩টা, এছচিৰ ২০টা, এছটিৰ ১৮টা, অ’বিচি–এনচিৰ ৪৯টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২০টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ৫০,০০০–১,৬০,০০০ টকা৷

আনহাতে,Chartered Accountant পদৰ প্রার্থী আইচিএআইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা চিএ উত্তীর্ণ হোৱা হ’ব লাগিব৷Chartered Accountantৰ মুঠ পদ ২৫টাৰ ভিতৰত অসংৰক্ষিত ১১টা, এছচিৰ ৩টা, এছটিৰ ৪টা, অ’বিচি–এনচিৰ ৫টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ৫০,০০০–১,৬০,০০০ টকা৷Engineering পদৰ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২১লৈ ২৫ বছৰ আৰুChartered Accountant পদৰ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২১লৈ ২৭ বছৰ৷ আবেদন মাচুল হিচাপেEngineering/Chartered Accountant পদৰ অসংৰক্ষিত, অ’বিচি–এনচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১,১৮০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে কোনোধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷

পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.hindustanpetroleum.com লগ–ইন কৰিব পাৰিব৷Engineering পদৰ প্রার্থীৰ আবেদনৰ অন্তিম তাৰিখ ১৫ এপ্রিল, ২০২১৷ আনহাতে, Chartered Accountant পদৰ প্রার্থীৰ আবেদনৰ অন্তিম তাৰিখ ৩১ মার্চ, ২০২১৷ যোগাযোগৰ ঠিকনা–Hindustan Petroleum Corporation Limited, Regd. Office: 17, Jamshedji Tata Road, Mumbai-400020 (India)৷

You might also like