নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় উপকূলৰক্ষী বাহিনীত ২৫ পদ

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় উপকূলৰক্ষী বাহিনীত(Indian Coast Guard) খালী হৈছেAssistant Commandantৰ ২৫টা পদ৷ পদসমূহGroup ‘A’ Gazetted Officerৰ আৰুGeneral Duty পর্যায়ৰ৷ ইতিমধ্যে এই বিষয়ে বিভাগীয় কর্তৃপক্ষই ডিএভিপিৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ মুঠ খালী পদ ২৫টাৰ ভিতৰত এছচি ৫টা, এছটিৰ ১৪টা আৰু অ’বিচি প্রার্থীৰ বাবে ৬টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী গড়ে ৫৫ শতাংশ নম্বৰেৰে বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷

অৱশ্যে বিই/বিটেক ডিগ্রীধাৰী প্রার্থীয়ে আবেদন কৰিব পাৰিব৷ প্রার্থীৰ জন্ম ১ জুলাই, ১৯৯০ৰ পৰা ৩০ জুন, ১৯৯৯ৰ ভিতৰত হোৱা হ’ব লাগিব৷ প্রাৰম্ভিক পর্যায়ত প্রার্থীয়ে এছিছটেণ্ট কমাণ্ডেণ্ট হিচাপে নিযুক্তি লাভ কৰিব যদিও পৰৱর্তী পর্যায়ত ডেপুটী কমাণ্ডেণ্ট, কমাণ্ডেণ্ট–জে জি, কমাণ্ডেণ্ট, ডেপুটী ইন্সপেক্টৰ জেনেৰেল, ইন্সপেক্টৰ জেনেৰেল, এডিচনেল ডাইৰেক্টৰ জেনেৰেল আৰু ডাইৰেক্টৰ জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিব৷

পদোন্নতি অনুসৰি, দৰমহাৰ নিৰিখ মাহে ক্রমে ৫৬,১০০ টকা, ৬৭,৭০০ টকা, ৭৮,৮০০ টকা, ১,২৩,১০০ টকা, ১,৩১,১০০ টকা, ১,৪৪,২০০ টকা, ১,৮২,২০০ টকা, ২,০৫,৪০০ টকা,৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.joinindiancoastguard.gov.in ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৭ ডিচেম্বৰ, ২০২০৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected]ত যোগাযোগ কৰিব পাৰে৷

You might also like