আইটিবিপিত ২৮৭ চাকৰিৰ বিজ্ঞাপন
সীমান্ত অঞ্চলৰ টহলদাৰী সংগঠন ভাৰত–তিব্বত সীমান্ত আৰক্ষী বাহিনী চমুকৈ আইটিবিপিত খালী হৈছেConstable/Tradesmen ২৮৭ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ITB Police ForceৰDIG (Recruitment)–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ পদসমূহ Group ‘C’ (Non-Gazetted & Non Ministerial) পর্যায়ৰ৷Constable/Tradesmen ২৮৭ পদৰ ভিতৰত অসংৰক্ষিত ১০৫, এছচিৰ ৪৭, এছটিৰ ২৩, অ’বিচিৰ ১১৯ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২৯ পদ সংৰক্ষিত থাকিব৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Constable-Male Tailor (16), Constable-Female Tailor (2), Constable-Male Gardener (14), Constable-Female Gardener (2), Constable-Male Cobbler (26), Constable-Female Cobbler (5), Constable-Male Safai Karmachari (67), Constable-Female Safai Karmacharai (11), Constable-Male Washerman (76), Constable-Female Washerman (13), Constable-Male Barber (47), Constable-Female Barber (8)৷ Constable-Tailor, Gardener & Cobbler পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত Boardৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱা আৰু সংশ্লিষ্ট Tradeত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা নাইবা Industrial Training Institute/Vocational Instituteৰ পৰা সংশ্লিষ্টTradeত ১ বছৰীয়া প্রমাণ–পত্রধাৰী আৰু ১ বছৰীয়া কর্ম অভিজ্ঞতা থকা নাইবাIndustrial Training Instituteৰ পৰা সংশ্লিষ্টTradeত ২ বছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ বয়স ১৮–২৩ বছৰ৷ আনহাতে, Constable-Safai Karmachari, Washerman & Barber পদৰ প্রার্থী স্বীকৃতিপ্রাপ্ত School/Institutionৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১৮–২৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০–৬৯,১০০ টকা লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ITBPF ৰ ৱেবছাইট www.recruitment.itbpolice.nic.in লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২২ ডিচেম্বৰ, ২০২২৷