প্রাথমিক শিক্ষা বিভাগত শিক্ষকৰ ৫০৪৩ পদ, ২৬ ছেপ্টেম্বৰৰ ভিতৰত আবেদন আহ্বান
নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগত খালী হৈছে শিক্ষকৰ ৫,০৪৩ পদ৷ অর্হতা সম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী শিক্ষক–নিম্ন প্রাথমিক বিদ্যালয়, সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক, অসমীয়া ভাষা শিক্ষক আৰু মণিপুৰী ভাষা শিক্ষক– উচ্চ প্রাথমিক বিদ্যালয়ত ৩,৯৪১ পদ পূৰণ কৰা হ’ব৷
আনহাতে হিন্দী শিক্ষক– উচ্চ প্রাথমিক বিদ্যালয়ত ১,১০২ পদ পূৰণ কৰা হ’ব৷ নিম্ন প্রাথমিক বিদ্যালয়ত পূৰণ হ’বলগীয়া সহকাৰী শিক্ষক পদৰ প্রার্থী ৫০ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী আৰু অসম চৰকাৰৰ প্রাথমিক টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷ আনহাতে উচ্চ প্রাথমিক বিদ্যালয়ত পূৰণ হ’বলগীয়া সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক, অসমীয়া ভাষা শিক্ষক আৰু মণিপুৰী ভাষা শিক্ষক পদৰ প্রার্থী ক্রমে–সহকাৰী শিক্ষক পদৰ প্রার্থী স্নাতক উত্তীর্ণ হোৱা আৰু ২ বছৰীয়া প্রাথমিক শিক্ষা বিষয়ত ডিপ্লমাধাৰী অথবা বি এড ডিগ্রীধাৰী আৰু উচ্চতৰ মাধ্যমিক টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷
বিজ্ঞান শিক্ষক পদৰ প্রার্থী বিজ্ঞানৰ স্নাতক হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ডি এডৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ অসমীয়া ভাষা শিক্ষক পদৰ প্রার্থী অসমীয়া বিষয়ত স্নাতক ডিগ্রীধাৰীৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ডি এডৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ শেষত, মণিপুৰী ভাষা শিক্ষক পদৰ প্রার্থী মণিপুৰী বিষয়ত স্নাতক ডিগ্রীধাৰী আৰু প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ ডি এডৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ ইপিনে উচ্চ প্রাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষক (১১০২) পদৰ প্রার্থী হিন্দী বিষয়ত স্নাতক উত্তীর্ণ হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ডি এড উত্তীর্ণ হোৱাৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷
দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ অন্যান্য চৰকাৰী সা–সুবিধা লাভ কৰিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৪০ বছৰ৷ বয়সৰ উর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ পদ প্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, নিযুক্তি প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় বেৱছাইটwww.dee.assam.gov.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ১২ ছেপ্ঢেম্বৰ ২০২০ৰ পৰা ২৬ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷