নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰিয়াছ ছ’চাইটীত খালী হৈছে ১৩ পদ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ অসম গ্রামীণ আন্তঃগাঁথনি আৰু কৃষিসেৱা সমিতি অর্থাৎ এৰিয়াছ ছ’চাইটীত খালী হৈছে ১৩ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি সমিতিৰ ৰাজ্যিক প্রকল্প সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– ডিষ্ট্রিক্ট হর্টিকালচাৰ কো–র্ডিনেটৰ ৩ টাঃ প্রার্থী এগ্রিকালচাৰ/ হর্টিকালচাৰ বিষয়ৰ স্নাতক ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত চাৰি বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহা বছৰি ৪.৮০–৬ লাখ টকা৷

ডাটা এনালিষ্ট ১টাঃ প্রার্থী ষ্টেটিছটিক্ছ/ ইক’ন’মিক্ছ বিষয়ত স্নাতকোত্তৰ হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ দৰমহা বছৰি ৬.৬০–১০.৮০ লাখ টকা৷ জুনিয়ৰ এডমিনিষ্ট্রেটিভ এছিছটেণ্ট ৮টাঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু ডাটা এণ্ড্রী অপাৰেটৰ হিচাপে অতিকমেও দুবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহা বছৰি ১.৯৮–২.৪০ লাখ টকা৷ আবেদনকাৰীৰ বয়স ১ ছেপ্টেম্বৰ ২০২০লৈ ৩৫–৪০ বছৰ৷

পদপ্রত্যাশীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ই–মেইল[email protected] or [email protected]যোগে প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্ঢেম্বৰ, ২০২০৷ বিজ্ঞাপন সম্পর্কীয় বিতং তথ্যৰ বাবে ৱেবছাইটhttp://www.arias.in/career.html ভিজিট কৰিব পাৰে৷

You might also like