নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেচম সঞ্চালকালয়ৰ ১৮ পদৰ বিজ্ঞাপন

অসম চৰকাৰৰ ৰেচম বিভাগৰ অধীনস্থ ৰেচম সঞ্চালকালয়ত খালী হৈছেFacilitatorsৰ ১৮ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, উক্ত খালী পদসমূহ অসমৰ গোৱালপাৰা, বৰপেটা আৰু হাইলাকান্দি জিলাত পূৰণ কৰা হ’ব৷ প্রার্থী প্রাৰম্ভিক পর্যায়ত ১১ মহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত চাকৰিৰ সময়সীমা বঢ়াৰ সম্ভাৱনা আছে৷

নিযুক্তিপ্রাপ্তই মাহে ১৫,০০০ টকা লাভ কৰিব৷ আবেদনকাৰী ৰেচম বিষয়ত ৰেচম মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী অথবা বিজ্ঞানৰ স্নাতকোত্তৰ হোৱাৰ লগতে ৰেচম বিষয়ত পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী অথবা ৰেচম বিষয়ত বিজ্ঞানৰ স্নাতকোত্তৰ অথবা ছেৰিকালচাৰ টেকন’লজী বিষয়ত বিজ্ঞানৰ স্নাতকোত্তৰ হোৱাটো বাঞ্ছনীয়৷

আবেদনকাৰীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ সর্বোচ্চ ৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ প্রার্থী বাছনি সাক্ষাৎকাৰৰ মাধ্যমেৰে কৰা হ’ব৷ সাক্ষাৎকাৰ ১৪ ডিচেম্বৰ, ২০২০ তাৰিখে দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷

সাক্ষাৎকাৰৰ পূর্বে দিনৰ ১০ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ সাক্ষাৎকাৰৰ স্থান–2nd Floor, Office of the Mission Directorate of Assam Silk Outreach Mission (ASOM) Society, Sericulture Campus, Khanapara, Guwahati-22৷

You might also like