নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙৰ হেপী ভেলী আর্মী পাব্লিক স্কুলত ১৯ পদৰ বিজ্ঞাপন

শ্বিলঙৰ হেপী ভেলী আর্মী স্কুল Army Public School Happy Valley)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ বিদ্যালয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে TGT-English (1), TGT-hindi (2), TGT-Maths (2), TGT-Science (2), TGT-SST (1), TGT-Sanskrit (1), TGT-PET (1), PRT (3), PRT-Computer Science (1), PRT-Art & Craft Teacher (1), PRT-Music Teacher (1), Health & Wellness Teacher-Counseling (1), Librarian-Library (1), Accountant-Accounts (1) TGT পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুB.Ed. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷PRT পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুD.El.Ed/B.Ed. ডিগ্রীধাৰী হোৱা হ’ব লাগিব Computer Teacher পদৰ প্রার্থীBCA নাইবাComputer Science বিষয়ত স্নাতক ডিগ্রীধাৰী নাইবাComputer Science/IT বিষয়তB.E./B.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

Physical Education পদৰ প্রার্থীPhysical Education বিষয়ত স্নাতক ডিগ্রীধাৰী নাইবাB.P.Ed./D.P.Ed. উত্তীর্ণ হোৱা হ’ব লাগিব৷Art & Craft পদৰ প্রার্থীDrawing/Painting বিষয়ত ডিগ্রীধাৰী নাইবাFine Arts বিষয়তDiplomaধাৰী হোৱা হ’ব লাগিব৷Music পদৰ প্রার্থীSangeet Visharad ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Health Wellness Teacher পদৰ প্রার্থীPsychology বিষয়ত ডিগ্রীধাৰী নাইবাCounseling বিষয়তDiplomaধাৰী হোৱা হ’ব লাগিব৷Librarian পদৰ প্রার্থীScience বিষয়তB.Lib. ডিগ্রীধাৰী নাইবাLibrary Science বিষয়ত ডিপ্ল’মাধাৰী হোৱাৰ লগতেComputer Literate বিভাগত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Accountant পদৰ প্রার্থী বাণিজ্যৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেClerk হিচাপে প্রতিৰক্ষা বিভাগত ১৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Basic Computer Application Course of Army/Diploma in Computer Application বিষয়ত অতিকমেও এবছৰীয়া প্রশিক্ষণপ্রাপ্ত হোৱা হ’ব লাগিব৷

ইয়াৰ উপৰি প্রার্থীৰDouble Entry System of Accounting, Excel Sheet & Accounting Softwareত কাম কৰাৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদ ARMY PUBLIC SCHOOL, 58 GTC Happy Valley Mawshbuit Sweet Falls Road, Shillong, Meghalaya, PIN.-793007 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ ফেব্রুৱাৰী, ২০২১ নৱাগত প্রার্থীৰ বয়স ১ এপ্রিল, ২০২১লৈ (যাৰ কর্ম অভিজ্ঞতা ৫ বছৰৰ তলত) ৪০ বছৰ হোৱাৰ বিপৰীতে প্রশিক্ষণপ্রাপ্ত আৰু কর্ম অভিজ্ঞতা থকা পদৰ প্রার্থীৰ বয়স ৫৭ বছৰ৷

You might also like