নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ ৫৯৬ পদ

ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ(Airports Authority of India)ত খালী হৈছে ৫৯৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিAirports Authority of IndiaৰGeneral Manager (HR)–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

 

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Junior Executive (Engineering) Civil (62), Junior Executive (Engineering) Electrical (84), Junior Executive-Electronics (440), Junior Executive-Architecture (10)৷Junior Executive (Engineering) পদৰ প্রার্থীCivil শাখাত Engineering/Technologyৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Junior Executive (Engineering) পদৰ প্রার্থী Electrical শাখাত Engineering/ Technologyৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ Junior Executive-Electronics পদৰ প্রার্থী Electronics/ Telecommunications/Electrical শাখাত Engineering/Technologyৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ Junior Executive-Architecture পদৰ প্রার্থীArchitecture বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেCouncil of Architectureত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স ২১ জানুৱাৰী, ২০২৩লৈ ২৭ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ৪০,০০০–১,৪০,০০০ টকা আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ৩৩০ টকা ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, দিব্যাংগ, মহিলা, প্রাক্তন কর্মচাৰী, বিভাগীয় কর্মচাৰীৰ মৃত পৰিয়ালৰ ব্যক্তি, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ AAIৰ ৱেবছাইট https://www.aai.aero/en/careers/recruitment ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২৩৷

You might also like