নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ অসম আৰক্ষীৰ ৪৮৭ চাকৰিৰ বিজ্ঞাপনঃ আবেদনৰ অন্তিম তাৰিখ ১৭ মার্চ

অসম আৰক্ষীৰ অধীনত পৰিচালিত Assam Police Radio Organizationত খালী হৈছে ৪৭০টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি State Level Police Recruitment BoardৰChairman-এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Assam Police Radio Organizationত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে Constable-WO/WT/OPR (441), Constable-UB (2), Constable-Messenger (14), Constable-Carpenter (3), Constable-Dispatch Rider (10)৷

Constable-WO/WT/OPRৰ মুঠ পদ ৪৪১টাৰ ভিতৰত অসংৰক্ষিত ৩১২টা, অ’বিচি/এম’বিচিৰ ৯০টা, এছচিৰ ২১টা, এছটি–পিৰ ১৬টা আৰু এছটি–এইচৰ ২টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্তBoard/Councilৰ পৰাPhysics, Chemistry, Mathematics বিষয়সহScience শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Constable-UBৰ ২টা পদৰ ১টা পদ অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীৰ বাবে আৰু আনটো পদ অসংৰক্ষিত৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্তBoard/Councilৰ পৰাHSSLC নাইবাClass XII উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Constable-Messengerৰ ১৪টা পদৰ ভিতৰত অসংৰক্ষিত ৬টা, অ’বিচি/এম’বিচিৰ ৬টা, এছচিৰ ১টা আৰু এছটি–পি শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্তBoard/Councilৰ পৰাHSLC নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতেLMV, MMV, HMVৰ বৈধ অনুজ্ঞা–পত্র থকা হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Constable-Carpenterৰ ৩টা পদৰ ২টা অসংৰক্ষিত হোৱাৰ বিপৰীতে এছচি শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্তBoard/Councilৰ পৰাHSLC নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে সংশ্লি TradeতITIৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Constable-Dispatch Riderৰ ১০টা পদৰ ভিতৰত অসংৰক্ষিত ৪টা, অ’বিচি/এম’বিচিৰ ২টা, এছচিৰ ১টা, এছটি–পিৰ ২টা আৰু এছটি–এইচৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্তBoard/Councilৰ পৰাHSLC নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতেLMV, MMV, HMVৰ বৈধ অনুজ্ঞা–পত্র থকা হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ SLPRB, Assamৰ ৱেবছাইটhttps://slprbassam.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৭ মার্চ, ২০২২৷

You might also like