ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF)ৰ ১,১৪৯ পদৰ বিজ্ঞাপন
দেশৰ ৰাজহুৱা খণ্ডৰ ঔদ্যোগিক প্রতিষ্ঠানসমূহক সুৰক্ষা প্রদানৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা অর্ধসামৰিক বাহিনী, কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(Central Industrial Security Force) চমুকৈ চিআইএছএফ(CISF)ত খালী হৈছেConstable/Fire (Male)ৰ ১,১৪৯টা পদ৷ মুঠ পদ ১,১৪৯টাৰ ভিতৰত অসংৰক্ষিত ৪৮৯টা, এছ চিৰ ১৬১টা, এছ টিৰ ১৩৭টা, অ’বিচিৰ ২৪৯টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১১৩টা পদ সংৰক্ষিত থাকিব৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Constable/Fire (Male)ৰ ১,১৪৯ পদ পূৰণ হ’বলগীয়া ৰাজ্যসমূহ হৈছে–Andhra Pradesh (79), Arunachal Pradesh (9), Assam (103), Bihar (123), Chandigarh (1), Chattisgarh (40), Delhi (10), Goa (1), Gujarat (34), Haryana (14), Himachal Pradesh (4), Jammu & Kashmir (41), Jharkhand (87), Karnataka (19), Kerala (40), Ladakh (1), Madhya Pradesh (50), Maharashtra (70), Manipur (11), Meghalaya (13), Mizoram (5), Nagaland (7), Odisha (58), Puducherry (1), Punjab (16), Rajasthan (39), Tamil Nadu (41), Telangana (30), Tripura (15), Uttar Pradesh (112), Uttarakhand (6), West Bengal (54)৷
আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ প্রার্থীৰ বয়স ১৮–২৩ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ৫ মার্চ, ১৯৯৯ৰ পিছত আৰু ৪ মার্চ, ২০০৪ৰ হোৱা হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদনকাৰীৰ শাৰীৰিক উচ্চতা ১৭০ চেণ্টিমিটাৰ আৰু বুকুৰ উচ্চতা ৮০–৮৫ চেণ্টিমিটাৰ হ’ব লাগিব৷ Garhwal, Kumaon, Himachal Pradesh, Gorkhas, Dogras, Marathas, Sikkimies, Ladakh, Kashmir Valley of J&K, North Eastern State প্রার্থীৰ শাৰীৰিক উচ্চতা ১৬৫ চেণ্টিমিটাৰ আৰু বুকুৰ উচ্চতা ৭৮–৮৩ চেণ্টিমিটাৰ৷Tribal, Adivasi, Mizo Nagaপ্রার্থীৰ শাৰীৰিক উচ্চতা ১৬২.৫ চেণ্টিমিটাৰ আৰু বুকুৰ উচ্চতা ৭৭–৮২ চেণ্টিমিটাৰ৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ CISFৰ ৱেবছাইট https://cisfrectt.in লগইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৪ মার্চ, ২০২২৷