হস্ততাঁত–বস্ত্রশিল্প বিভাগত ৩৮ চাকৰি
অসম চৰকাৰৰ হস্ততাঁত, বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ(O/o the Handloom & Textiles, Assam) অধীনত পৰিচালিত হস্ততাঁত আৰু বস্ত্রশিল্প সঞ্চালকালয়ত খালী হৈছেDemonstrator (Handloom & Textiles)ৰ ৩৮ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিHandloom & Textiles, AssamৰDirector–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ খালী পদ ৩৮টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, অ’বিচি/এম’বিচি ৫টা, এছ চি ১টা, এছটি–পি ৮টা, এছ টি এইচ–৭ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ৪টা পদ সংৰক্ষিত থাকিব৷ মুঠ পদৰ ভিতৰত ৩টা পদ দিব্যাংগ প্রার্থীৰ বাবে বিশেষভাৱে সংৰক্ষিত থাকিব৷ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেHandloom Training Institute of the Department of Handloom & Textileৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰাTextile Technology/Handloom Technology বিষয়ত ২ বছৰীয়াCertificateধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ পিবি–২ৰ আধাৰত ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিৰ লগত পাৰপত্র আকাৰৰ ফটো আৰু স্বনাম, ঠিকনাযুক্ত ১০ টকীয়া টিকট লগোৱা এটি অতিৰিক্ত খাম আবেদনৰ লগতThe Director, Handloom & Textiles, Assam, Vastra Bhawan, Ambari, Guwahati-01 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৯ ফেব্রুৱাৰী, ২০২১৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি আবেদন দাখিল, পৰীক্ষাৰ সবিশেষ জানিবলৈ বিভাগীয় ৱেবছাইটwww.assamhandloom.com লগ–ইন কৰিব পাৰিব৷