নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইবিপিএছত ১,৫৫৭ পদত নিযুক্তিৰ জাননী

উত্তৰ–পূর্বাঞ্চলত ৩৭ পদ পূৰণ হ’ব

ইনষ্টিটিউট অৱ বেংকিং পার্ছনেল ছিলেকচন অর্থাৎ আই বি পি এছত খালী হৈছে ক্লার্কৰ ১,৫৫৭ পদ৷ আই বি পি এছৰ সঞ্চালকে ইতিমধ্যে এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ উক্ত খালী পদসমূহ বেংক অৱ বৰোদা, বেংক অৱ ইণ্ডিয়া, বেংক অৱ মহাৰাষ্ট্র, কানাড়া বেংক, চেণ্ড্রেল বেংক অৱ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচীজ বেংক, পঞ্জব নেচনেল বেংক, পঞ্জাব এণ্ড ছিন্দ বেংক, ইউকো বেংক আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ দেশৰ ভিন্ন প্রান্তত থকা কার্যালয়ত পূৰণ কৰা হ’ব৷ মুঠ পদৰ ভিতৰত অসমত ১৬টা, মণিপুৰত ২টা, মেঘালয়ত ১টা, মিজোৰামত ১টা, নাগালেণ্ডত ৫টা, ছিকিমত ১টা আৰু ত্রিপুৰাত ১১টা পদ পূৰণ কৰা হ’ব৷ অসমত পূৰণ হ’বলগীয়া ১৬টা পদৰ ১৫টা পদ ইউকো বেংকত আৰু ১টা পদ বেংক অৱ ইণ্ডিয়াত পূৰণ কৰা হ’ব৷ ক্লার্ক পদৰ বাবে প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে প্রার্থী কম্পিউটাৰ অপাৰেচন বিষয়ত প্রমাণ–পত্রধাৰী/ডিপ্ল’মাধাৰী/ডিগ্রীধাৰী হ’ব লাগিব৷ বয়স ১ ছেপ্ঢেম্বৰ ২০২০লৈ ২০–২৮ বছৰ৷ বয়সৰ ঊর্র্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছ চি, এছ টি, দিব্যাংগ আৰু প্রাক্তন কর্মচাৰী শ্রেণীৰ প্রার্থীয়ে ১৭৫ টকা আৰু অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৮৫০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ২ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া ২৩ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, দৰমহাৰ নিৰিখ, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.ibps.in আৰুhttp://cgrs.ibps.in ভিজিট কৰিব পাৰে৷

You might also like