নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চন বিভাগত অভিযন্তাৰ ৫৫০ পদ

আবেদনৰ অন্তিম তাৰিখ ১২ অক্টোবৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ অসম চৰকাৰৰ জলসিঞ্চন বিভাগত খালী হৈছে অভিযন্তাৰ ৫৫০ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, সহকাৰী অভিযন্তাৰ ১৮২ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চিভিল ১২৮টা, ইলেক্ট্রিকেল ১৬ আৰু মেকানিকেল শিতানত ৩৮টা পদ পূৰণ কৰা হ’ব৷

সহকাৰী অভিযন্তা পদৰ প্রার্থী এ আই চি টি ইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা সংশ্লিষ্ট বিভাগত অভিযান্ত্রিকৰ ডিগ্রীধাৰী আৰু ইঞ্জিনীয়ার্ছ ইণ্ডিয়া সদস্য আৰু প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০–১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আনহাতে, কনিষ্ঠ অভিযন্তাৰ ৩৬৮ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চিভিল ২৯০টা, ইলেক্ট্রিকেল ১২টা আৰু মেকানিকেল শিতানত ৬৬টা পদ পূৰণ কৰা হ’ব৷ কনিষ্ঠ অভিযন্তা পদৰ প্রার্থী এছ চি টি ইৰ স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা সংশ্লিষ্ট বিভাগত অভিযান্ত্রিকৰ ৩ বছৰীয়া ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷

বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা আৰু এছ চি, এছ টি, অ’বিচি, এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা ট্রেজাৰী চালানৰ মাধ্যমেৰে এপিএছচিৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে দাৰিদ্র্য সীমাৰেখাৰ তলৰ প্রার্থীয়ে কোনোধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ এপিএছচিৰ ৱেবছাইটwww.apsc.nic.in লগ–ইন কৰিব পাৰে৷ পদপ্রত্যাশীসকলে যাৱতীয় নথি–পত্রৰ স্ব–প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদনDeputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-781022 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ অনলাইনযোগে আবেদন মাচুল পৰিশোধ কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://assamcgrass.gov.inৰ সহায় ল’ব পাৰে৷ আবেদনৰ অন্তিম তাৰিখ ১২ অক্টোবৰ, ২০২০লৈ বৃদ্ধি কৰা হৈছে

You might also like