নৱোদয় বিদ্যালয়ত একাধিক পদ খালী
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রালয়ৰ স্কুল শিক্ষা আৰু সাহিত্য বিভাগৰ নৱোদয় বিদ্যালয় সমিতিৰ অধীনত অচিৰেই শিক্ষক আৰু অনা–শিক্ষকৰ একাধিক পদ পূৰণ কৰা হ’ব৷ উক্ত খালী পদসমূহArunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim আৰুTripuraত থকা জৱাহৰ নৱোদয় বিদ্যালয়সমূহত পূৰণ কৰা হ’ব৷
প্রার্থী নিযুক্তি ২০২১–২২ শিক্ষাবর্ষৰ বাবে দিয়া হ’ব৷ নৱোদয় বিদ্যালয় সমিতি কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, শিক্ষক আৰু অনা–শিক্ষকৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–PGTs, TGTs, Art Teachers, Physical Education Teacher (Male & Female), Music Teachers, Librarian আৰুFaculty-Cum-System Administrator৷PGT বিভাগৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৪২,২৫০ টকা TGT, Misc. Category Teachers আৰুFaculty-Cum-System Administratorৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৪০,৬২৫ টকা৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, বাছনি প্রক্রিয়া, পৰীক্ষা পদ্ধতিৰ বিষয়ে অধিক জানিবলৈ নৱোদয় বিদ্যালয় সমিতিৰ ৱেবছাইট https://schooms.in/jnv/shillong/ আৰ https://navodaya.gov.in/nvs/ro/Shillong/en/home/index.html আৰ https://schooms.in/jnv/shillong ভিজিট কৰিব পাৰে৷
আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ জুলাই, ২০২১৷