কাৰিকৰী শিক্ষা সঞ্চালকৰ কার্যালয়ত ৫৫ পদ; অন্তিম তাৰিখ ৭ ছেপ্টেম্বৰ
অসম চৰকাৰৰ গুৱাহাটীৰ কাহিলিপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকৰ কার্যালয়ৰ অধীনত অচিৰেই চতুর্থ বর্গৰ ৫৫ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ খালী পদসমূহৰ ভিতৰত আছে অফিচ বিয়েৰাৰ, পিয়ন, চকীদাৰ আৰু যোগালিৰ পদ৷ উক্ত খালী পদসমূহ তিনিচুকীয়া (১১), মৰিগাঁও (১১), চিৰাং (১১), ওদালগুৰি (১১) আৰু হাইলাকান্দি (১১) পলিটেকনিকত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’৷ প্রার্থীৰ নূন্যতম শৈক্ষিক অর্হতা অষ্টম শ্রেণী৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷
অৱশ্যে বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dte.assam.gov.in লগইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ ছেপ্টেম্বৰ, ২০২০৷