চিকিৎসা শিক্ষা সঞ্চালকালয়ত চাকৰিৰ বিজ্ঞাপনঃ ২৪ ডিচেম্বৰ আবেদনৰ অন্তিম তাৰিখ
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত চিকিৎসা শিক্ষা সঞ্চালকালয়ত(Directorate of Medical Education) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Team Leader (1), Finance Expert (1), আৰু Procurement Expert (1)৷Finance Expert পদৰ প্রার্থীChartered Accountant/Cost Accountant অথবাRetired Government Auditor-Local Fund/AGৰ হোৱাৰ লগতেAudit Officer হিচাপে কার্যনির্বাহ কৰা হ’ব লাগিব৷
তদুপৰি প্রার্থীৰ সংশ্লিষ্ট খণ্ডত অতিকমেও ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ ডিচেম্বৰ, ২০২০লৈ নৱাগত প্রার্থীৰ ৪৫ বছৰ হোৱাৰ বিপৰীতে অৱসৰপ্রাপ্ত প্রার্থীৰ বয়স ৬১ বছৰ৷ নিযুক্তিপ্রাপ্তই বছৰি ৭.২০ লাখ টকা লাভ কৰিব৷Team Leader পদৰ প্রার্থীBiomedical/Electronics বিষয়তAICTEৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰাB.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীৰ সংশ্লিষ্ট খণ্ডত ৭–১০ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ ডিচেম্বৰ, ২০২০লৈ নৱাগত প্রার্থীৰ ৪৫ বছৰ হোৱাৰ বিপৰীতে অৱসৰপ্রাপ্ত প্রার্থীৰ বয়স ৬১ বছৰ৷ নিযুক্তিপ্রাপ্তই বছৰি ১২ লাখ টকা লাভ কৰিব৷ শেষত Procurement Expert পদৰ প্রার্থী বাণিজ্যৰ স্নাতকোত্তৰ হোৱাৰ লগতে আইনৰ স্নাতক ডিগ্রীধাৰী অথবাMaterial Management বিষয়ত Post Graduate ডিগ্রীধাৰী হোৱাৰ লগতেBusiness Administration বিষয়তMaster ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীৰ সংশ্লিষ্ট খণ্ডত অতিকমেও ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ ডিচেম্বৰ, ২০২০লৈ সর্বোচ্চ ৪৫ বছৰ৷ নিযুক্তিপ্রাপ্তই বছৰি ৭.২০ লাখ টকা লাভ কৰিব৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://nhm.assam.gov.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ ডিচেম্বৰ, ২০২০৷