নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ১,০০৪ চাকৰি

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত খালী হৈছে ভিন্ন বর্গৰ ১০০৪ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আয়ুক্তই অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, পূৰণ হ’বলগীয়া ১০০৪ পদ হৈছে– এছিছটেণ্ট ব্লক ডেভেল’পমেণ্ট অফিচাৰ– পঞ্চায়ত (৩৯), এছিছটেণ্ট ব্লক ডেভেল’পমেণ্ট অফিচাৰ– ডব্লিউ এণ্ড চি (৪৬), এছিছটেণ্ট ব্লক ডেভেল’পমেণ্ট অফিচাৰ– ছিনিয়ৰ গ্রাম সেৱক (৮৮), গাঁও পঞ্চায়ত ছেক্রেটাৰী (৫৭৮), টেক্স কালেক্টৰ কাম ৰোড মহৰি (২৪৩) আৰু জুনিয়ৰ এছিছটেণ্ট (১০)৷ এছিছটেণ্ট ব্লক ডেভেল’পমেণ্ট অফিচাৰ পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৭,৬০০ টকাৰ গ্রেড পে’৷ গাঁও পঞ্চায়ত ছেক্রেটাৰী পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৭,৪০০ টকাৰ গ্রেড পে’৷

টেক্স কালেক্টৰ কাম ৰোড মহৰি পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৫,২০০ টকাৰ গ্রেড পে’৷ শেষত জুনিয়ৰ এছিছটেণ্ট পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে’৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ প্রার্থী অসমীয়া/বাংলা/বড়ো ভাষা জনাৰ উপৰি ইংৰাজী ভাষাত দক্ষতা থকা হ’ব লাগিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদনকাৰীয়ে কোনোধৰণৰ মাচুল পৰিশোধ কৰিব নালাগে৷

বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.rural.assam.gov.in লগইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৭ ছেপ্ঢেম্বৰ, ২০২০৷

You might also like