পঞ্জাব নেচনেল বেংকত ৫৩৫ পদত নিযুক্তি
ভাৰতৰ এখন আগশাৰীৰ বিত্তীয় প্রতিষ্ঠান পঞ্জাব নেচনেল বেংকত খালী হৈছে ৫৩৫ পদ৷ অর্হতাসম্পন্ন বিত্তীয় প্রতিষ্ঠানটোৰ মানৱ সম্পদ দপ্তৰৰ মহাপ্রবন্ধকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি মেনেজাৰৰ ৫৩৫ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ৰিস্ক (১৬০), ক্রেডিট (২০০), ট্রেজাৰী (৩০), ল (২৫), আর্কিটেক্ট (২), চিভিল (৮), ইক’নমিক (১০), এই আৰ (১০), ৰিস্ক– ছিনিয়ৰ মেনেজাৰ (৪০) আৰু ক্রেডিট–ছিনিয়ৰ মেনেজাৰ (৫০)৷ মুঠ পদৰ ভিতৰত এছ চি ৮১, এছ টি ৪১, অ’বিচি ১৪৫, সাধাৰণ ২১৫ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৫৩টা পদ সংৰক্ষিত থকাৰ লগতে দিব্যাংগ প্রার্থীৰ বাবে ২৬টা পদ বিশেষভাৱে সংৰক্ষিত থাকিব৷ প্রার্থীৰ বয়স ১ জুলাই ২০২০লৈ ২০–৩৫ বছৰ৷ অৱশ্যে বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছ চি, এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ১৭৫ টকা আৰু অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৮৫০ টকা পৰিশোধ কৰিব লাগিব৷ মেনেজাৰ পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৩১,৭০৫–১১৪৫/১–৩২,৮৫০–১৩১০/১০–৪৫,৯৫০ আৰু ছিনিয়ৰ মেনেজাৰ পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৪২,০২০–১৩১০/৫–৪৮,৫৭০–১৪৬০/২–৫১,৪৯০৷আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্য আৰু পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বেৱছাইটwww.pnbindia.in>link Recruitment/Career লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ৮ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ২৯ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷ অনলাইন পৰীক্ষা অক্টোবৰ/নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব৷