নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল ইউনিভার্ছিটী অৱ ষ্টাডিজৰ দীক্ষান্ত সমাৰোহ

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ অৰুণাচল ইউনিভার্ছিটী অৱ ষ্টাডিজত ৪থ দীক্ষান্ত সমাৰোহখন অলপতে নামছাইত অনুষ্ঠিত হয়৷

এই সমাৰোহত ২৮গৰাকী শিক্ষার্থীক স্বর্ণপদকৰ লগতে ৪৮৭গৰাকীক পি এইচ ডি, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্রী প্রদান কৰা হয়৷ এই সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ পৃষ্ঠপোষক ৱর্ল্ড এডুকেচন মিছনৰ অধ্যক্ষ ড০ এ এল আগৰৱাল৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে নামছাইৰ উপায়ুক্ত বিজয় তালুকদাৰ৷

অনুষ্ঠানত অধ্যক্ষতা কৰে বিশ্ববিদ্যালয়খনৰ আচার্য বিশ্বলোচনে৷ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক অ’ পি শর্মা আৰু পঞ্জীয়ক দিব্যাংশু গোৱেলো উপস্থিত থাকে৷ শৈক্ষিক শোভাযাত্রাৰে আৰম্ভ হোৱা এই দীক্ষান্ত সমাৰোহৰ আদৰণী ভাষণ প্রদান কৰে বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক অ’ পি শর্মাই৷

You might also like