ইটানগৰত ৩ আগষ্টলৈ লকডাউন বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ক’ৰোনা ভাইৰাছৰ বর্ধিত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি অৰুণাচল প্রদেশৰ ইটানগৰ কেপিটেল এলেকাত পুনৰ পোন্ধৰ দিনৰ বাবে লকডাউন বৃদ্ধি কৰিছে৷ ৩ আগষ্টৰ পুৱা ৫ বজালৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি চুবুৰীয়া ৰাজ্যখনৰ মুখ্য সচিব নৰেশ কুমাৰে ঘোষণা কৰে৷ লকডাউনৰ সময়ছোৱাত ইটানগৰ কেপিটেল কমপ্লেক্স এলেকাৰ লগত আন জিলাৰে যাতায়াত সম্পূর্ণৰূপে বন্ধ থাকিব৷ পূর্বে ১৯ জুলাইলৈ ইটানগৰ কেপিটেল এলেকাত সম্পূর্ণ লকডাউন দিয়া হৈছিল৷
চুবুৰীয়া ৰাজ্যখনত এতিয়ালৈকে ৬৫০জন ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ২৭৪জন সুস্থ হৈ উঠিছে আৰু ৩জনৰ ইতিমধ্যে মৃত্যু হৈছে৷ বর্তমান ৩৭৩জনৰ দেহত ক’ৰোনা ভাইৰাছ সক্রিয় হৈ আছে৷ পাহাৰীয়া ৰাজ্যখনত কালি চিনাক্ত হোৱা ৬৪জন ক’ভিড–১৯ আক্রান্তৰ ভিতৰত ৫৮জনেই ইটানগৰ কেপিটেল কমপ্লেক্স এলেকাৰ৷ আন ৮জনৰ ভিতৰত ৪জন চাংলাং, ২জন পূব চিয়াং আৰু এজনকৈ নামনি চিয়াং আৰু নামচাই জিলাৰ