গুৱাহাটী ভ্রমণ কৰা দুজনৰ দেহত ক’ভিড; ৰুক্মিণীগাঁৱৰ ভাৰাঘৰত আছিল আক্রান্ত যুৱতী
নিয়মীয়া বার্তা, ১৭ মেঃ চুবুৰীয়া ৰাজ্য ত্রিপুৰাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সংহাৰী ক’ভিড–১৯ৰ সংক্রমণে৷ তথ্য অনুসৰি বর্তমানপর্যন্ত ত্রিপুৰাত ১৬৭ জন লোক মাৰাত্মক ভাইৰাছত আক্রান্ত হৈছে৷ শনিবাৰৰ দিনটোত ১১জনকৈ লোকৰ দেহলৈ ক’ভিড–১৯ সংক্রমিত হয়৷ এই ১১জন লোকৰ ভিতৰত ৭জন সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱান হোৱাৰ বিপৰীতে আন ৪জন হৈছে সাধাৰণ লোক৷ ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱে এক টুইটত এই তথ্য সদৰী কৰিছে৷
টুইটটোত উল্লেখ কৰা অনুসৰি ৬২৫জন লোকৰ সংগ্রহ কৰা নমুনাৰ ভিতৰত ১১জনৰ ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷ ইয়াৰে ৭জন চুৰাইবাৰী গেটস্থিত বি এছ এফৰ ৮৬নং বেটেলিয়নৰ আৰু আন ৪জন অসামৰিক লোক৷ এই অসামৰিক লোকজনৰ দুজন বহিঃৰাজ্যৰ চালক আৰু আন দুজন গুৱাহাটীৰ পৰা ঘূৰি অহা৷ আটাইকেইজন ক’ভিড–১৯ আক্রান্তকে সম্প্রতি চিকিৎসা প্রদান কৰি থকা হৈছে বুলি টুইটটোত উল্লেখ কৰে ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱে৷ উল্লেখ্য যে ৰাজ্যখনত ক’ভিড–১৯ আক্রান্তসকলৰ সৰহসংখ্যকেই বি এছ এফৰ জোৱান৷
ইফালে, শনিবাৰে ত্রিপুৰাত ক’ভিড–১৯ ধৰা পৰা ৭জনৰ ভিতৰত এগৰাকী যুৱতীয়ে গুৱাহাটীৰ ৰুক্মিণীগাঁও অঞ্চলৰ এছ কে বৰুৱা পথৰ এটা ভাৰাঘৰত বাস কৰিছিল বুলি জানিব পৰা গৈছে৷ যুৱতীগৰাকীৰ নাম শ্বিয়াৰী দেৱবার্মা৷ যুৱতীগৰাকীৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱাৰ কথা নিশ্চিত হোৱাৰ পাছতে এছ কে বৰুৱা পথটোক কনটেইনমেণ্ট জ’ন কৰা হৈছে৷