নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিকিম সীমান্তত ভাৰত–চীন সেনাৰ প্রচণ্ড মাৰপিট

নিয়মীয়া বার্তা, ১১ মেঃ ছিকিম সীমান্তত ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘটিত হতাহতি আৰু গঁতিয়াগঁতি ঘটনাক লৈ পুনৰ উত্তেজনা সৃষ্টি হয়৷ উল্লেখনীয় যে ১৬ হাজাৰ ফুটতকৈ ওখ দুর্গম স্থানত চীনা সৈন্যৰ সৈতে ভাৰতীয় সেনাৰ প্রায় ২০জন জোৱানে এই সংঘাতত জড়িত হৈ পৰে৷ উত্তৰ ছিকিমৰ দুর্গম সীমান্তত সংঘটিত এই ঘটনাৰ পাছতে দেশজুৰি সৃষ্টি হয় প্রতিক্রিয়া৷

স্থলসেনাৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি উভয় দেশৰ জোৱানসকলৰ শিল দলিওৱাৰ ঘটনাও সংঘটিত হয়৷ অঞ্চলটোত প্রকৃত নিয়ন্ত্রণ ৰেখাত (এল এ চি) উভয় দেশৰ সেনাৰ মাজত সঘনে মতানৈক্য চলি আহিছে৷ এই উত্তেজনাৰ ঘটনাটোৰ ভিডিঅ’ গ্রহণ কৰে এগৰাকী ভাৰতীয় সেনাৰ জোৱানে৷ স্থলসেনাৰ তৰফৰ পৰা প্রকাশ কৰা এই বিবৃতিত উল্লেখ কৰা হৈছে যে উভয় পক্ষৰ জোৱানসকলৰ এই হতাহতি আৰু আগ্রাসী আচৰণৰ ফলত কেইবাজনো আহত হৈছে৷

অৱশ্যে আহত জোৱানসকলৰ আঘাত গুৰুতৰ নহয় বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ তাৎক্ষণিকভাৱে দুই দেশৰ সেনা বিষয়াই ঘটনাস্থলীতে আলোচনাত মিলিত হোৱাৰ লগে লগে এই উত্তেজনাৰ অৱসান ঘটে বুলিও বিবৃতিটোত স্পষ্ট কৰা হৈছে৷ উল্লেখনীয় যে ২০১৭ৰ আগষ্টত ডোকলাম মালভূমিত ভাৰত–চীনৰ সেনাৰ মাজত এনে হতাহতিৰ ঘটনাই দুয়োখন দেশৰ মাজত যুদ্ধ আশংকা সৃষ্টি কৰিছে৷ ৭৩ দিন ধৰি ডোকলামৰ ঘটনাক কেন্দ্র কৰি ভাৰত–চীন আৰু ভূটানৰ মাজত সৃষ্টি হৈছিল উত্তেজনা৷ ২০১৮ চনৰ মে’ত য়ুহানত ভাৰতৰ প্রধানমন্ত্রী মোদী আৰু চীনা ৰাষ্ট্রপতি জিনপিং অনানুষ্ঠানিক বৈঠকত মিলিত হোৱাত এই উত্তেজনাৰ অৱসান ঘটিছিল৷

You might also like