নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিপুৰাৰ প্ৰথমজন ক’ৰোনা ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি

নিয়মীয়া বাৰ্তা ১৫ এপ্ৰিলঃ ত্ৰিপুৰাৰ প্ৰথমজন ক’ৰোনা আক্ৰান্ত জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ক’ৰোনা আক্ৰান্ত ব্যক্তিজন আগৰতলাৰ জিবি হাস্পাতলত চিকিৎসাধীন হৈ আছিল।
ত্ৰিপুৰাৰ যুটীয়া স্বাস্থ্য সঞ্চালক দেৱাশিস বাসুৱে বুধবাৰে জনায় যে ৰোগী জনৰ শেহতীয়া পৰীক্ষাৰ ফলাফল নিগেটিভ আহিল যাৰ বাবে তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে। তেওঁক তিনিবাৰ পৰীক্ষা কৰোৱা হৈছে আৰু তিনিবাৰেই ফলাফল নিগেটিভ আহিছে।

You might also like