বন বিভাগৰ কার্যকলাপ নিৰীক্ষণ দেশৰ প্রথম অনলাইন প’র্টেল মণিপুৰত
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ বন বিভাগক স্বচ্ছ আৰু দুর্নীতিমুক্ত কৰাৰ লক্ষ্যৰে মণিপুৰ চৰকাৰে মুকলি কৰিছে অনলাইন প’র্টেল৷ দেশৰ প্রথম অনলাইন প’র্টেল মুকলি কৰে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে৷ এই প’র্টেলৰ জৰিয়তে বন বিভাগৰ সকলো কার্যকলাপ নিৰীক্ষণ কৰা হ’ব৷ ৰাজ্যখনত উৎপাদিত বনজ সামগ্রী, সংগৃহীত ৰাজহ আৰু অবৈধ সৰবৰাহ আৰু বন্যপ্রাণী অপৰাধক নিৰীক্ষণ কৰা হ’ব৷ মুখ্যমন্ত্রীৰ সচিবালয়ত বন বিভাগৰ কর্মচাৰী–বিষয়াৰ উপস্থিতিত অনলাইন প’র্টেল মুকলি কৰাৰ লগতে মুখ্যমন্ত্রী সিঙে ‘ডায়’নামিক এণ্ড ইণ্টেৰাক্টিভ’ শীর্ষক চৰকাৰী ৱেবছাইট মুকলি কৰা হয়৷ জলবায়ু পৰিৱর্তন আৰু বন্যপ্রাণীক লৈ চলি থকা অবৈধ সৰবৰাহে বিশ্বজুৰি উদ্বিগ্ণতা সৃষ্টি কৰি থকা সময়তে ৰাজ্যখনৰ জনতাক বনাঞ্চলক সুৰক্ষা আৰু সংৰক্ষণৰ বাবে চৰকাৰে গ্রহণ কৰা প্রশংসনীয় পদক্ষেপক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে৷ এই অনলাইন প’র্টেলযোগে ৰাজ্যখনৰ বন বিভাগৰ কার্যকলাপ জনতাই সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বনাঞ্চলক লৈ চলা অবৈধ কার্যকলাপ প্রতিৰোধৰ ক্ষেত্রত চৰকাৰক সহযোগিতা আগবঢ়াব পাৰিব৷ প’র্টেলটোৰ যোগেদি জনতা আৰু চৰকাৰী বিভাগৰ মাজত এক সু–সমন্বয় স্থাপন হ’ব৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানক আগবঢ়াই নিয়াৰ বাবে বিভাগটোৱে মোবাইল এপ্লিকেচন আৰু ৱেবছাইটো বিকশিত কৰিছে৷