মেঘালয়ত নতুনকৈ ৬ জন লোকৰ দেহত ক’ৰোনা পজিটিভ
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ মেঘালয়ত নতুনকৈ ৬ জন লোকৰ দেহত ক’ৰোনা পজিটিভ পোৱা গৈছে । এই নতুনকৈ আক্ৰান্ত ৬ জন লোকেই আজি পুৱতি নিশা ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথমগৰাকী লোকৰ পৰিয়ালৰ সদস্য বুলি ইতিমধ্যে জানিব পৰা গৈছে । এই কথা সদৰী কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।
Of the 68 tested so far, 6 have come out positive who are all family members & helpers of the first #Covid19 positive case.
6 other cases are being retested.
All the rest of the cases are negative.
— Conrad Sangma (@SangmaConrad) April 15, 2020
উল্লেখ্য যে আজি মৃত্যু হোৱা বেথানী হাস্পতালৰ ৬৯ বছৰীয়া চিকিৎসকজন কেইদিনমান পূৰ্বে ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। ইপিনে ক’ৰোনাত আক্ৰান্ত চিকিৎসকজনৰ মৃত্যুৰ পাছতেই প্ৰশাসনৰ তৰফৰ পৰা বেথানী হাস্পতালখন সম্পূৰ্ণৰূপে ছীল কৰা হৈছে । লগতে হাস্পতালখনৰ চিকিৎসকসকলক কোৱাৰেণ্টাইনত ৰখা হৈছে ।