নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত ৯৫ বছৰ পুৰণি গিৰ্জাত জুইঃ দম্পতীৰ মৃত্যু

নিউজডেস্ক, ১৮ নৱেম্বৰঃ মেঘালয়ৰ ৯৫ বছৰ পুৰণি এটা গিৰ্জাঘৰত দেওবাৰে সন্ধ্যা অগ্নিকাণ্ড সংঘটিত হয় । ৰাজ্যখনৰ কুৱালাপট্টি অঞ্চলত থকা এই গিৰ্জাত জুই লগাৰ পাছত কাষতে বাস কৰা এক দম্পতীৰ জুই আৰু ধোঁৱাৰ মাজত উশাহ-নিশাহ বন্ধ হৈ মৃত্যুমুখত পৰে । উল্লেখ্য যে ১৯২৪ চনতে কাঠেৰে নিৰ্মিত এই গিৰ্জাঘৰটো জুইত বিস্তৰ ক্ষতিগ্ৰস্ত হয় । এই জুই কাষৰীয়া কেইবাটাও ঘৰলৈ বিয়পি পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে পৰৱৰ্তী সময়ত জুই নিৰ্বাপন কৰি গিৰ্জাটো সম্পূৰ্ণ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা কৰে ।

You might also like