লকডাউন অমান্যঃ অৰুণাচলত গ্ৰেপ্তাৰ ১৩৩ জন
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ দেশজোৰা লকডাউনৰ সময়ছোৱাত চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশৰ প্ৰশাসন কঠোৰ হৈছে । বিগত দিনকেইটাত লকডাউন অমান্য কৰাৰ বাবে আৰক্ষীয়ে ১৩৩ জনক গ্ৰেপ্তাৰ কৰিছে ।
এই কথা সদৰী কৰিছে পাহাৰীয়া ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰ পি উপাধ্যায়ে ।
বৰ্তমানলৈকে লকডাউন উলংঘা কৰা ২০৮ টা গোচৰ পঞ্জীয়ন হৈছে আৰু ১৭৫ খন যান-বাহন জব্দ কৰা হৈছে ।
ইফালে জনসমাগম ৰোধ কৰা আৰু অনাহকতে ঘূৰি ফুৰা লোকক নিয়ন্ত্ৰিত কৰিবলৈ অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ৰাজ্যখনত ৩৮ টা স্থায়ী চেকগেট আৰু ৫০ ৰো অধিক অস্থায়ী চেকগেট স্থাপন কৰিছে ।