নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰ্নবিল উৎসৱৰ সামৰণী অনুষ্ঠানত এ আৰ ৰেহমান

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ চলিত মাহৰ ১ তাৰিখৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কিছামাত অনুষ্ঠিত হৈছে হৰ্নবিল উৎসৱ । এইবাৰ হৰ্নবিল উৎসৱৰ মূল কনচেপ আছিল- “সংস্কৃতি সংযোগ”।

লগতে নগাসকলৰ লোককৃষ্টিৰ নৃত্য-গীত, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে চলিত বৰ্ষৰ বিশ সংখ্যক হৰ্নবিল উৎসৱক অনন্য ৰূপ প্ৰদান কৰিছে । এক কথাত মায়াময় হৈ পৰিছে নগাভূমিৰ কিছামা গাঁৱৰ বাকৰি ।

নগাসকলৰ লোককৃষ্টিৰ নৃত্য-গীত

নাগালেণ্ড পৰ্যটনৰ বিভাগে জনোৱা এক বিবৃতিত প্ৰকাশ কৰিছে যে এইবাৰ হৰ্নবিল উৎসৱত সপ্তম দিনালৈকে প্ৰায় ১ লাখ ৬৫ হাজাৰ লোকৰ সমাগম হৈছে । ইয়াৰ ভিতৰত ২,৬০৭ গৰাকী হৈছে বিদেশী পৰ্যটক ।

উল্লেখ্য যে অহা ১০ ডিচেম্বৰ মঙলবাৰে অন্ত পৰিব বিশ সংখ্যক হৰ্নবিল উৎসৱ । এই সামৰণী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব ভাৰতৰ প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰেহমান ।

You might also like