৩০০০ কিলোমিটাৰ যাত্রাৰে মৃতদেহ আনিলে মিজোৰামলৈ
নিয়মীয়া বাৰ্তা, ১ মেঃ লকডাউনৰ পৰিপ্রেক্ষিতত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ সময়ত তামিলনাডুৰ যুৱক এজনে বন্ধুত্বৰ অপূর্ব নিদর্শন দেখুৱালে ৷ উল্লেখ্য যে লকডাউন চলি থাকোঁতেই মিজোৰামৰ যুৱক এজনে তামিলনাডুৰ বন্ধুৰ বাসগৃহত প্রাণ হেৰুৱাইছিল ৷ দেশজুৰি তলাবন্ধৰ ফলত সৃষ্টি হোৱা সকলো সমস্যা আওকাণ কৰি বন্ধুত্বৰ অপূর্ব নিদর্শন দেখুৱাই তামিলনাডুৰ বন্ধুজনে ৩০০০ কিলোমিটাৰৰ পৰিশ্রমী যাত্রা অতিক্রম কৰি বন্ধুৰ মৃতদেহ মিজোৰামৰ পৰিয়ালক গতালে৷ ৰাফেল মালছানহিমা নামৰ বন্ধুজনে দুই চালকসহ এমুবলেঞ্চেৰে চাৰি দিনতকৈ অধিক সময় যাত্রা কৰি মিজোৰামৰ বন্ধু মৃত ভিভিয়ানৰ বাসগৃহত উপস্থিত হয়৷ ইতিপূর্বে ভিভিয়ানৰ পৰিয়ালে তেওঁলোকৰ সন্তানৰ মৃতদেহ ৩০০০ কিলোমিটাৰ যাত্রা অতিক্রম কৰি বাসগৃহলৈ আনি থকা বুলি অৱগত হৈছিল৷ বাসগৃহত মৃতদেহ আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হ’লেও বন্ধুক কৃতজ্ঞতাৰে ওপচাই দিয়ে পৰিয়ালটোৰ লোকে৷ তামিলনাডুৰ পৰা আহি এম্বুলেঞ্চখন আইজলত উপস্থিত হোৱাৰ লগে লগে একাংশ লোকে হাততালিৰে আদৰণি জনাই বন্ধুজনৰ নিদর্শনক উৎসাহিত কৰে৷ এই যাত্রাৰ সময়ত তামিলনাডু চৰকাৰে বিভিন্ন চৰকাৰৰ লগত যোগাযোগ কৰি সহযোগিতা আগবঢ়াইছিল বুলি কয় ৰাফেলে৷