নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত সহকর্মী চিপাহীৰ গুলীত নিহত উপ-আৰক্ষী পৰিদর্শক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ নৱেম্বৰঃ মণিপুৰত কাজিয়াৰ মাজতে ঊর্ধ্বতন সহকর্মীক গুলীয়াই হত্যা কৰিলে এজন আৰক্ষী চিপাহীয়ে৷ এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি উপ-পৰিদর্শক চাহজাহানক লক্ষ্য কৰি গুলীচালনা কৰে চিপাহী বিক্রমজিৎ সিঙে৷ ঘটনাস্থলীতে মৃত্যু হয় চাহজাহানৰ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি এই ঘটনাটো ঘটিছে মণিপুৰৰ জিৰিবাম জিলাৰ মংবাং গাঁৱৰ আৰক্ষী চকীত৷ সূত্রই সদৰী কৰা অনুসৰি কালি চাহজাহানৰ সৈতে বিবাদ হয় বিক্রমজিতৰ৷ ইয়াৰ পিছতেই নিজৰ ছার্ভিচ ৰিভলভাৰৰ পৰা গুলী চলায় বিক্রমজিতে৷ অভিযুক্ত বিক্রমজিতক তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰা হৈছে৷ স্মর্তব্য যে যোৱা বছৰ মে’ মাহৰ পৰা মণিপুৰত কুকি আৰু মেইটেই সম্প্রদায়ৰ মাজত চলা সংঘর্ষৰ ফলত দুই শতাধিক লোকৰ মৃত্যু হৈছে৷ দুয়োটা সম্প্রদায়ৰ সংঘর্ষৰ ফলত বহু লোক গৃহহীন হ’বলগীয়া হৈছে উত্তৰ–পূবৰ ৰাজ্যখনত৷ অৱশ্যে প্রথম অৱস্থাত জিৰিবাম জিলাত এই সংঘাতৰ প্রভাৱ পৰা নাছিল যদিও পিছত জিৰিবামতো সংঘর্ষই ভয়াৱহ ৰূপ ধাৰণ কৰে৷ চলিত বর্ষৰ জুন মাহত এগৰাকী বৃদ্ধক হত্যা কৰা হয় জিলাখনত৷

You might also like