অৰুণাচল প্ৰদেশৰ পাচিঘাটত বানৰ বিভীষিকা; বানত আৱদ্ধ লোকক উদ্ধাৰ প্ৰশাসনৰ
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ অসমৰ লগতে এতিয়া চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰপূৱ চিয়া জিলাত এতিয়া বানৰ বিভীষিকা৷ জিলাখনৰ চিয়াং আৰু চিবু কৰেঙ নদী দুখনৰ বাঢ়নী পানীয়ে পাচিঘাটত সৃষ্টি কৰিছে আতংকৰ৷ইফালে চিবু কৰেঙ নদীৰ বাঢ়নী পানীত আৱদ্ধ হয় পৰা দুজন লোকক পাচিঘাট প্ৰশাসনে ৰছীৰ সহায়ত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নদীটোৰ অতি বিপদজনক বাবে বাঢ়নী পানীত আৱদ্ধ হয় পৰা লোক দুজনক দলংৰ ওপৰৰ পৰা ৰছী পেলাই দি ওপৰলৈ টানি বাবে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ কৰা লোক দুজনৰ এজন পুৰুষ আৰু এজন মহিলা৷ পুৰুষ জন গোপাল মিজাৰ আৰু মহিলা গৰাকী মনো বিশ্বকৰ্মা ৷ পূৱ চিয়াঙ জিলাৰ আৰক্ষী অধীক্ষক আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যুটীয়া বাবে উদ্ধাৰ অভিযান চলায়৷ আনহাতে চিয়াঙ নৈৰ পানী বিপদজনক বাবে বৃদ্ধি পাই অহাত পাচিঘাট ৰাইজ কিছু পৰিমানে শংকিত হয় পৰিছে৷আনহাতে যোৱা কেবাদিনো ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত পাচিঘাটৰ জৱহৰলাল নেহেৰু কলেজ বুৰাই পেলাইছে৷ পূৱ চিয়াঙ জিলাৰ ৰুকচিন মহকুমাত নিকলক নদীয়ে ভয়াৱহ ৰূপ লৈ ইয়াৰ দলঙৰ দুয়োফালে খহাই নিয়াত মহকুমাটোৰ সৈতে কেবাখনো গাবৰ যোগাযোগ বিছিন্ন হয় পৰিছে৷