নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত ২১০ বটল ফেনচেডিল জব্দ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ শুকুৰবাৰে বিএছএফৰ ৪৩ বেটেলিয়নে মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই ২১০ বটল নিষিদ্ধ ফেনচেডিল জব্দ কৰে। বিএছএফৰ মতে জব্দকৃত ড্ৰাগছসমূহ ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰা হৈছিল।

জানিব পৰা মতে জব্দকৃত সামগ্ৰীসমূহ কোডিন-আধাৰিত কাহ চিৰাপ, যাক সুৰাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। চুবুৰীয়া দেশত ইয়াক কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। তেনেস্থলত ভাৰতৰ পৰা বাংলাদেশলৈ বিভিন্ন সময়ত সৰবৰাহ হোৱা এই নিষিদ্ধ কফ চিৰাপৰ চোৰাং ব্যৱসায়, সীমান্ত সুৰক্ষা বাহিনীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে।

ইপিনে এই বছৰৰ আৰম্ভণিৰ পৰা বিএছএফ মেঘালয় ফ্ৰণ্টিয়াৰে আন্তৰ্জাতিক সীমান্তৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ১৩০০ তকৈও অধিক নিষিদ্ধ ফেনচেডিলৰ বটল জব্দ কৰিছে।

You might also like