অৰুণাচল প্ৰদেশৰ ৰায়াঙত বন মহোৎসৱ দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ৬ জুলাই- অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ ৰায়াং গাঁৱত দেওবাৰে উদযাপন কৰা হয় বন মহোৎসৱ দিৱস। “ৰায়াং ডুম্বাং ফ’ৰাম”ৰ সহযোগত স্থানীয় ৰায়াং প্ৰাথমিক বিদ্যালয় প্ৰাংগনত গাঁওবাসীয়ে পালন কৰে বন মহোৎসৱৰ কাৰ্যসূচী। অনুষ্ঠানৰ গুৰুত্বপুৰ্ণ কাৰ্যসূচী অনুসৰি ৰায়াং প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ৰূপন কৰা হয় শতাধিক গছপুলি। গছপুলি ৰোপন অনুস্থানটিত উপস্থিত থাকে অৰুণাচলৰ “বিউটি পেজেইন্ট” খিতাপধাৰী চুম দাৰাং আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিস্থিত লোক সংগীত শিল্পী দেলোং পাডুং। ভাষণ প্ৰসংগত “বিউটি পেজেইন্ট” চুম দাৰাঙে জনসাধাৰণক বৃক্ষৰোপনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ।
অবাধ বন ধ্বংস যজ্ঞই অৰুণাচল প্ৰদেশৰ সৌন্দৰ্যতাৰ লগতে জৈৱ বৈচিত্ৰতাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে বুলি উদ্বেগ প্ৰকাশ কৰে চুম দাৰাঙে। ইফালে লোকসংগীতৰ শিল্পী দেলুং পাডুঙে প্ৰতিজন ব্যক্তিকে বছৰত অন্ততঃ এজোপাকৈ গছ ৰোপন কৰি নিজৰ অঞ্চলটোৰ লগতে ৰাজ্যখনৰ পৰিবেশ সুন্দৰ কৰাৰ গুৰুত্বপূৰ্ণ আহ্বান জনায়।
উল্লেখযোগ্য যে, ক’ৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত কম সংখ্যক লোকৰ উপস্থিতিৰে অনুস্থানটো সমাপন কৰা হয়।