অসমে মেঘালয়ক দিব ১০০ পালি ক’ভাক্সিন, মেঘালয়ে অসমক দিব ১০০ পালি ক’ভিশ্বিল্ড
নিয়মীয়া বাৰ্তা, ১৯ মেঃ ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্রত মেঘালয়লৈ অসমৰ সহযোগিতা তথা এই সংক্রমণ ৰোধ কৰাৰ দিশত উমৈহতীয়া প্রচেষ্টা অব্যাহত ৰখাৰ ওপৰত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে এখন বৈঠকত মিলিত হয়৷
অসম আৰু মেঘালয়ৰ সাম্প্রতিক ক’ভিড পৰিস্থিতি সম্পর্কত মত বিনিময় কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ অক্সিজেন উৎপাদন প্লাণ্ট আৰু অক্সিজেন মজুত কৰা স্থানৰ পৰা বর্তমানে মেঘালয়লৈ ১২–১৬ মেট্রিকটন পৰিমাণৰ মেডিকেল অক্সিজেন যোগান ধৰাটো বিৰতি নোহোৱাকৈ অব্যাহত থাকিব৷ আৱশ্যকতা অনুযায়ী অসমে আমিনগাঁও আৰু বঙাইগাঁৱৰ পৰা প্রতিদিনে ১৬ মেট্রিকটনকৈ অক্সিজেন মেঘালয়ক যোগান ধৰি থাকিব৷
উত্তৰ–পূর্বাঞ্চলৰ ক’ভিড সংক্রমণ ৰোধ কৰাৰ দিশত অসমৰ বৃহৎ ভূমিকা থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই দৰকাৰসাপেক্ষে কিছুসংখ্যক অক্সিজেন চিলিণ্ডাৰ মেঘালয়ক প্রদানৰ বাবে সাজু কৰি ৰখা হ’ব বুলি কয়৷ আলোচনাকালত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে অক্সিজেনৰ ভঁৰালৰ যথোচিত ব্যৱহাৰ তথা পৰিবহণৰ সা–সুবিধাৰে অসমে উত্তৰ–পূর্বাঞ্চলৰ অক্সিজেন হাব হিচাপে সেৱা আগবঢ়োৱাৰ দিশত সহমত পোষণ কৰে৷
মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে অসমে লিকুইড অক্সিজেন ৰাজ্যৰ বাহিৰত থকা লিকুইড মেডিকেল অক্সিজেন উৎপাদন গোটৰ পৰা সংগ্রহ কৰি ৰাজ্যখনত থকা ভঁৰালত মজুত কৰিব, যাতে প্রয়োজনসাপেক্ষে উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহে এই অক্সিজেন লাভ কৰিব পাৰে৷ আনহাতে, মেঘালয়ৰ মাজেৰে ব্রহ্মপুত্র উপত্যকাৰ পৰা বৰাক উপত্যকালৈ মালবাহী তথা যাত্রীবাহী যান–বাহনসমূহ যাতে সুচলভাৱে চলাচল কৰিব পাৰে, সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী ড০ শর্মাই মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীক অনুৰোধ জনায়৷
উল্লেখ্য যে ৫ হাজাৰ সক্রিয় ক’ভিড ৰোগীৰে মেঘালয়ৰ কিছুসংখ্যক অঞ্চলত সম্পূর্ণ লকডাউন চলি আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত মেঘালয় চৰকাৰে বৰাক উপত্যকালৈ অত্যাৱশ্যকীয় সামগ্রীৰ যান–বাহনসমূহ যাতে বাধা নোহোৱাকৈ যাব পাৰে, সেই সম্পর্কত নিশ্চিতি প্রদান কৰিছে৷ মত বিনিময়ৰ সময়ত মেঘালয়ৰ মুখ্যমন্ত্রীয়ে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক মেঘালয়ৰ বাহিৰত ক’ভাক্সিনৰ প্রথম পালি লোৱা প্রদেশখনৰ কিছুসংখ্যক ব্যক্তিৰ এই ভেকচিনৰ দ্বিতীয় পালি গ্রহণ কৰাত সহায়ক হোৱাকৈ কিছু পালি ভেকচিন যোগান ধৰাৰ বাবে অনুৰোধ জনায়৷ ইয়াৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী ড০ শর্মাই অসমে মেঘালয়লৈ ১০০ পালি ক’ভাক্সিন সমপৰিমাণৰ ক’ভিশ্বিল্ড মেঘা