নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুতৰ খুঁটা ব্যৱহাৰকাৰী কেবল–ইণ্টাৰনেট সেৱা প্রতিষ্ঠানক সাত দিনৰ সময়সীমা বান্ধি দিলে জিএমচিয়ে

নিয়মীয়া বাৰ্তা, ১৯ মেঃ গুৱাহাটী মহানগৰীত কেবল আৰু ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহক সাত দিনৰ সময়সীমা বান্ধি দি গুৱাহাটী পৌৰ নিগমে কেবল লাইন সঠিকভাৱে সংস্থাপিত কৰিবলৈ নির্দেশ দিছে৷ অহা সাত দিনৰ ভিতৰত ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহে মহানগৰীৰ কেবল লাইন সঠিকভাৱে সংস্থাপিত নকৰিলে গুৱাহাটী পৌৰ নিগমে উক্ত প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিব৷

বিশেষকৈ, সদাব্যস্ত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পথ, উপ–পথসমূহত থকা বিদ্যুতৰ খুঁটাত নীতিবহির্ভূতভাৱে ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহে সংস্থাপিত কৰা কেবল লাইন শীঘ্রে স্থানান্তৰ অথবা সঠিকভাৱে সংস্থাপিত কৰাৰ বাবে পৌৰ নিগমে এই জাননী জাৰি কৰিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ৰাজপথত থকা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ খুঁটাত ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহে কেৱল সংস্থাপিত কৰাত মহানগৰীৰ সৌন্দর্যবর্ধন বিনষ্ট হৈছে৷ তদুপৰি বিদ্যুতৰ খুঁটাত শাৰী শাৰীকৈ সংস্থাপিত কৰা এই ইণ্টাৰনেট কেবলৰ পৰা যিকোনো সময়ত ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ আশংকাই দেখা দিছে৷ ইণ্টাৰনেট সেৱা আগবঢ়োৱা একাংশ প্রতিষ্ঠানে যধে–মধে বিদ্যুতৰ খুঁটাত সংস্থাপিত কৰা তাঁৰ ওলমি থকা পৰিলক্ষিত হৈছে৷

বাৰিষাৰ সময়ছোৱাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ইণ্টাৰনেট কেবলত খহি পৰিলে যিকোনো সময়ত মহানগৰীত ভয়ংকৰ অঘটন ঘটিব পাৰে৷ সেয়েহে অহা সাত দিনৰ ভিতৰত গুৱাহাটী পৌৰ নিগমে ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহক এই নির্দেশ দিছে৷ মন কৰিবলগীয়া কথা এই যে গুৱাহাটী মহানগৰীত বর্তমান ৰে’ল ৱায়াৰ ব্রডবেণ্ড, এমনেট ফাইবাৰ ফাষ্ট, ছিকেচনেট, ৰিলায়েঞ্চ, জিঅ ’ আদি কেইবাটাও প্রতিষ্ঠিত কোম্পানীয়ে ইণ্টাৰনেট সেৱা আগবঢ়াই আছে৷

You might also like