নিয়মীয়া বাৰ্তা ৯ জুনঃ দেশৰ আন ৰে’ল মণ্ডলৰ লগতে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ পৰিসৰত দুমাহ এক সপ্তাহৰ বিৰতিৰ পাছত পহিলা জুনৰ পৰা সীমিতসংখ্যক যাত্রীবাহী ৰে’ল সেৱা আৰম্ভ হৈছে৷ কিন্তু ক’ভিড–১৯ৰ ভয়াৱহতা সত্ত্বেও প্রথমটো সপ্তাহতে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ পৰিসৰত চলাচল কৰা কেইবাখনো ৰে’ল মুঠ আসনৰ ৬২ ৰ পৰা ৯৮ শতাংশ যাত্রী লৈ গন্তব্যস্থল অভিমুখে যাত্রা কৰিবলৈ সক্ষম হৈছে৷
উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চলই জনাই যে বিশেষ যাত্রীবাহী ৰে’লকেইখনৰ ভিতৰত ০৫৯৫৫/০৫৯৫৬ ডিব্রুগড়–দিল্লী, ডিব্রুগড়–ব্রহ্মপুত্র্ মেইলত ৯৮ শতাংশ, ০৫৪৮৩/০৫৪৮৪ আলিপুৰদুৱাৰ–দিল্লী আলিপুৰ দুৱাৰ এক্সপ্রেছত ৯৮ শতাংশ, ০২৩৭৭ শিয়ালদহ–নিউ আলিপুৰ দুৱাৰ এক্সপ্রেছত ৯৮ শতাংশ, ০৫৪৮৩ আলিপুৰদুৱাৰ–দিল্লী এক্সপ্রেছত ৯২ শতাংশ যাত্রীয়ে যাত্রা কৰিছে৷