নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ মণিপুৰৰ মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিলে এন বীৰেন সিঙে৷ ৰাজভৱনলৈ গৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত নিজৰ পদত্যাগ–পত্র দাখিল কৰে নেতাগৰাকীয়ে৷ পদত্যাগ–পত্র দাখিল কৰাৰ সময়ত এন বীৰেন সিঙৰ সৈতে উপস্থিত আছিল গেৰুৱা নেতা সম্বিত পাত্রও৷ বিগত ডেৰ বছৰতকৈ অধিক সময় ধৰি গোষ্ঠী হিংসাত উত্তপ্ত হৈ আছে উত্তৰ–পূবৰ ৰাজ্যখন৷ কেইবাশও লোকৰ মৃত্যু হৈছে ৰাজ্যখনত৷ ইফালে গৃহহীন হৈছে কেইবাহাজাৰো লোক৷ ইয়াৰ ফলত অভিযোগৰ আঙুলি উঠিছিল মণিপুৰৰ গেৰুৱা চৰকাৰ আৰু মুখ্যমন্ত্রী এন বীৰেন সিঙৰ বিৰুদ্ধে৷ একাধিকবাৰ বীৰেন সিঙৰ পদত্যাগ দাবী কৰিছিল বিৰোধী দলবোৰে৷ শেষলৈকে দলৰ অভ্যন্তৰ তথা বিৰোধীৰ চাপৰ সন্মুখীন হৈছিল নেতাগৰাকী৷ এই চাপৰ বাবেই অৱশেষত বীৰেন সিঙে মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিলে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ ৰাজনৈতিক পর্যালোচকসকলৰ মতে, বীৰেন সিঙে মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰা অনুসৰি মণিপুৰ বিধানসভাত অনাস্থা প্রস্তাৱ আনিবলৈ আগবাঢ়িছে কংগ্রেছ৷ সেই খবৰ লাভ কৰিছে বীৰেন সিঙে৷ আস্থা ভোটত বীৰেন সিঙৰ চৰকাৰৰ পতনৰ সম্ভাৱনা আছিল প্রবল৷ ৰাজনৈতিক এই আশংকাৰ মাজতে দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় মণিপুৰৰ মুখ্যমন্ত্রীগৰাকী৷ ইয়াৰ পিছতে ইম্ফললৈ উভতি ৰাজ্যপালৰ হাতত পদত্যাগ–পত্র জমা দিয়ে৷ পদত্যাগ–পত্রত বীৰেন সিঙে লিখিছে যে দীর্ঘদিন ধৰি মণিপুৰৰ মানুহৰ সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে আছিল সন্মানৰ বিষয়৷ মণিপুৰবাসীৰ স্বার্থত সময়োপযোগী পদক্ষেপ গ্রহণ কৰা আৰু বিভিন্ন উন্নয়নমূলক আঁচনি বাস্তৱায়িত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ প্রতি কৃতজ্ঞতাও প্রকাশ কৰে বীৰেন সিঙে৷ ২০২৪ চনৰ অন্তিম দিনা মণিপুৰৰ ৰক্তক্ষয়ী হিংসাৰ বাবে ৰাজ্যখনৰ নাগৰিকসকলৰ ওচৰত ক্ষমা বিচাৰিছিল বীৰেন সিঙে৷ ইম্ফলৰ এক সংবাদ মেলত তেওঁ কৈছিল–‘সমগ্র বছৰটো দুর্ভাগ্যজনক আছিল আমাৰ বাবে৷ যোৱা বছৰৰ ৩ মে’ৰ পৰা ৰাজ্যখনত যি ঘটনা ঘটি আছে তাৰ বাবে সাধাৰণ মানুহৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ৷ বহুতেই প্রিয়জনক হেৰুৱাইছে৷ বহুতেই হেৰুৱাবলগীয়া হৈছে ঘৰ৷ মই অনুতপ্ত৷ মই ক্ষমা বিচাৰোঁ৷ কিন্তু যোৱা ৩–৪ মাহৰ শান্তি পৰিস্থিতি দেখি মই আশা কৰিছোঁ ২০২৫ৰ ভিতৰত ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব৷’ ইয়াৰ লগতে মণিপুৰৰ ৩৫টা জনজাতি গোষ্ঠীক ঐক্যবদ্ধভাৱে থকাৰ বার্তাও দিছিল বীৰেন সিঙে৷ বিশেষজ্ঞসকলে মন্তব্য কৰিছিল যে সেই বার্তা দিয়াৰ পিছতো বীৰেন সিঙৰ চৰকাৰলৈ নামি আহিছিল অনিশ্চয়তা৷ সেই কথা বুজিয়েই হাইকমাণ্ডে বীৰেন সিঙক পদত্যাগৰ পৰামর্শ দিয়া বুলিও বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷