মণিপুৰত নিৰ্মাণ হৈছে কুটুব মিনাৰতকৈ ওখ ৰে’লৱে দলং
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ভাৰতীয়ে ৰে’লৱে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংৰ নিৰ্মাণৰ কাম চলি আছে। এই দলং খন উত্তৰ-পূব ৰে’লৱে তত্বাৱধানত মণিপুৰত নিৰ্মাণ কাৰ্য চলি আছে। ১১১ কিঃমিঃ দীঘল দলংখন জিজিৰাম-ইম্ফল ৰে’লৱে প্ৰজেক্টৰ অধীনত নিৰ্মাণ হৈ আছে। ১৪১ মিটাৰ উচ্চতাত নিৰ্মাণ হৈ থকা দলং খন ৩৪ মহলীয়া ঘৰৰ সমান। এক কথাত ক’বলৈ গ’লে কুটুব মিনাৰতকৈ ওখ হ’ব এইখন দলং।
ইউৰোপৰ মণ্টেগ্ৰৰ ১৩৯ মিটাৰৰ উচ্চতাৰ দলং খনৰ অভিলেখ ভংগ কৰিব এই দলংখনে। ৭০৩ মিটাৰ ওখ দলংখন নিৰ্মাণ কৰিবলৈ ২৮০ কোটি টকা খৰচ হ’ব বুলি অনুমান কৰা হৈছে। ৰে’লৱে এই দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ২০২২ লৈ সময় নিৰ্ধাৰণ কৰিছে।