মেঘালয়ত ধর্মীয় স্থানত বিবাহৰ অনুমতি
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ক’ৰোনা ভাইৰাছ লকডাউনৰ বাবে বন্ধ হৈ থকা সকলো ধর্মীয় স্থান তথা উপাসনাস্থলীত বিবাহৰ অনুমতি প্রদান কৰিলে মেঘালয় চৰকাৰে৷ বিভিন্ন সংগঠনৰ নেতাই ধর্মীয় স্থানত বিবাহ অনুষ্ঠান আয়োজন কৰাৰ বাবে জনাই থকা দাবীক সন্মান জনাই মেঘালয় চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী প্রেষ্টন টিনছনে প্রকাশ কৰা মতে, লকডাউনৰ বাবেই ৰাজ্যখনত সকলো ধর্মীয় স্থান, উপাসনাস্থলী বন্ধ হৈ আছে৷ কিন্তু ৰাজ্যখনৰ বিভিন্ন সংগঠনে এই ধর্মীয় অনুষ্ঠানসমূহত বিবাহ আয়োজন কৰিবলৈ জনাই থকা দাবীক সন্মান জনাই কালি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়৷ এই বৈঠকতেই ধর্মীয় স্থানসমূহ একমাত্র বিবাহৰ বাবে খোলাৰ অনুমতি দিয়া হয়৷ ইয়াৰ দ্বাৰা বন্ধ হৈ থকা বিবাহ পুনৰ আৰম্ভ হ’ব৷ এইক্ষেত্রত সংশ্লিষ্ট লোকসকলে জিলা উপায়ুক্তৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব৷ অৱশ্যে ক’ভিড–১৯ৰ সংহাৰ চলি থকা পর্যন্ত ৰাজহুৱাভাৱে এই ধর্মীয় স্থান খোলাৰ ক্ষেত্রত পূর্বৰ দৰে নিষেধাজ্ঞা বাহাল ৰখা হয়৷