মিজোৰামত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৬৫৭ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ দেশত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ দৈনিক বৃদ্ধি পাবলৈ ধৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে বৰ্তমানলৈ দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ২২ লাখৰো অধিক পাৰ হৈছে । উত্তৰ-পূবৰ ৰাজ্য মিজোৰামতো ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৬৫৭ জন হৈছেগৈ ।
অৱশ্যে ৰাজ্যখনত বৰ্তমানলৈ কোনো লোক ক’ৰোনা সংক্ৰমণৰ ফলত মৃত্যু ঘটা নাই । ইতিমধ্য়ে ৰাজ্যখনত ৩৪৩ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে । বৰ্তমান ৩১৪ জন ৰোগী চিকিৎসাধীন হৈ আছে ।