নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফিং উৎপাদনৰ শীৰ্ষত ম্যানমাৰ

বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ ২০২৩ চনত ম্যানমাৰ বিশ্বৰ সৰ্ববৃহৎ আফিং উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে আফগানিস্তান এই স্থানত আছিল। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ম্যানমাৰত বছৰি ১০৮০ মেট্ৰিক টন আফিং খেতি কৰা হয়। ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ আৰু অপৰাধ কাৰ্যালয়ে প্ৰতিবেদনত লিখিছে যে তালিবান চৰকাৰে আফগানিস্তানত ২০২২ চনৰ পৰা আফিঙৰ খেতি নিষিদ্ধ কৰিছে। ইয়াৰ পিছত আফগানিস্তানত আফিং উৎপাদন ৯৫ শতাংশ হ্ৰাস পায়। এইবাৰ আফগানিস্তানত ৩৩০ টন আফিং খেতি কৰা হৈছে। ইউএনডিচিয়ে কয় যে ম্যানমাৰত আফিঙৰ ব্যৱসায়ে দেশৰ অৰ্থনীতিত ডাঙৰ ভূমিকা পালন কৰে। যোৱা কিছু বছৰত ইয়াৰ ব্যাপক বৃদ্ধি হৈছে। ইয়াৰ পূৰ্বে ম্যানমাৰত ১ বিলিয়ন ডলাৰৰ আফিং বিক্ৰী হৈছিল। কিন্তু এতিয়া ম্যানমাৰত ২.৪ বিলিয়ন ডলাৰ পৰ্যন্ত মূল্যৰ আফিং খেতি কৰি বিক্ৰী কৰা হৈছে। এয়া দেশৰ জিডিপিৰ ৪.১ শতাংশ। ম্যানমাৰৰ সীমা লাওছ আৰু থাইলেণ্ডৰ সৈতে ভাগ কৰা হৈছে। এই অঞ্চলত অবৈধ ড্ৰাগছ, চোৰাং ব্যৱসায় আৰু আফিঙৰ বাবে আটাইতকৈ উপযোগী স্থান। বিগত বছৰ ম্যানমাৰত ৭৯০ মেট্ৰিক টন আফিঙৰ খেতি কৰা হৈছিল। ম্যানমাৰৰ আটাইতকৈ উৰ্বৰ ভূমি শ্বান প্ৰদেশত। কিন্তু শ্বানৰ ৮৮ শতাংশ মাটিত আফিঙৰ খেতি কৰা হয়। পূব ছান অঞ্চলত প্ৰতি হেক্টৰত ১৯.৮ কিলোগ্ৰাম আফিং খেতি কৰা হৈছিল যদিও এতিয়া ইয়াৰ পৰিমাণ ২৯.৪ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে সেনাই এই ব্যৱসায়ৰ অন্ত পেলোৱাৰ উদ্দেশ্য নাই। এইবাৰ ম্যানমাৰৰ কেন্দ্ৰীয় ড্ৰাগছ এবিউজ কণ্ট্ৰল কমিটীয়ে কয় যে আফিঙৰ ব্যৱসায় শেষ কৰিলে কোনো লাভ নাই।

#বাৰ্তা ডেস্ক

You might also like