নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিপুৰাৰ মুখ্যমন্ত্রীক হত্যাৰ পৰিকল্পনা ব্যর্থঃ গাড়ীৰে খুন্দিয়াব বিচৰা তিনিজনক গ্রেপ্তাৰ

 নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ  ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেবক গাড়ীৰে খুন্দিয়াই হত্যা কৰিব বিচৰা তিনি লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

ঘটনাৰ বিৱৰণী মতে, কালি প্রাতঃভ্রমণৰ বাবে ওলাই অহা মুখ্যমন্ত্রী দেবক নিৰাপত্তা বেষ্টনী ভেদি এখন গাড়ীৰে খুন্দিয়াবলৈ চেষ্টা কৰে যদিও মুখ্যমন্ত্রীগৰাকীয়ে জঁপিয়াই গাড়ীখনৰ খুন্দাৰ পৰা নিজকে বচায়৷ এই ঘটনাৰ সময়ত এগৰাকী নিৰাপত্তাৰক্ষী সামান্যভাৱে আঘাতপ্রাপ্ত হয়৷

টি আৰ–০১০৩৫৬ নম্বৰৰ গাড়ীখনে ততালিকে আঁতৰি যায় যদিও আৰক্ষীয়ে গাড়ীখন কেইকিলোমিটাৰ মান আঁতৰত ৰখাবলৈ সক্ষম হয় আৰু বাহনখনৰ পৰা তিনিজন যুৱকক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা যুৱক তিনিজনক শুভম সাহা, আমন সাহা আৰু গৈৰিক সাহা বুলি চিনাক্ত কৰা হৈছে৷

আৰক্ষীয়ে ধৃত যুৱক তিনিজনক সোধা–পোছা কৰাৰ পিছত আদালতত হাজিৰ কৰোৱাত আদালতে ১৯ আগষ্টলৈ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷

You might also like