নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিপুৰাত ক’ৰোনাৰ সংহাৰী ৰূপঃ আক্ৰান্তৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা,  ১০ মে’ :  উত্তৰ–পূব ভাৰতৰ ত্রিপুৰাত একেদিনাই ১৭ জনকৈ লোক ক’ৰোনাত আক্রান্ত হৈছে ৷ আক্রান্ত কেউজনেই আম্বাছাৰ ৮৬ নং বেটেলিয়নৰ বিএছএফ জোৱান ৷ অৱশ্যে তেওঁলোকৰ বাহিৰে কোনো সাধাৰণ নাগৰিক কালিৰ দিনটোত আক্ৰান্ত হোৱা নাই বুলি টুইটযোগে স্পষ্ট কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেবে৷

ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পালে৷

You might also like